১০৫ বছৰ বয়সত TV ত ওলাল আইতা হাজো,২২ মাৰ্চ:সপোন পূৰ্ণ হ'ল আইতাৰ । দেখিলেই অনুমান কৰিব পাৰি যথেষ্ট বয়স হৈছে আইতাগৰাকীৰ ৷ শতায়ু গৰকিছে যে সেয়া প্ৰায় নিশ্চিত ৷ আজো নাতি নহয়, পৰিনাতিৰ মুখো দেখিছে আইতাই (centenarian grandmother celebrates her birthday) । জীৱনৰ বিয়লি বেলাত এই গৰাকী শতায়ু গৰকা আইতাৰ মনৰ ইচ্ছা পূৰণ কৰাৰ বাবে ওলাই আহিছে নিজৰ গাঁওখনৰ ৰাইজ ।
হাজোৰ চৰাবড়ী বিজুলীঘাটৰ আইতাগৰাকীৰ নাম চিত্ৰলেখা কলিতা । এবাৰ টিভিৰ পৰ্দাত নিজকে চোৱাৰ হেঁপাহ পুহি ৰাখিছিল আইতাই । প্ৰায়ে আত্মীয়ক কৈ আহিছিল এই কথা । পৰিয়ালৰ লোক আৰু আইতা চিত্ৰলেখা কলিতাৰ নিজৰ ভাষ্য অনুসৰি বুধবাৰে উদযাপন কৰা হয় আইতাগৰাকীৰ ১০৫ বছৰীয়া জন্ম জয়ন্তী । সেয়ে আইতাৰ মনোবাঞ্চা পূৰণ কৰাৰ বাবে গাঁওবাসীয়ে যোগাযোগ কৰি অসমৰ বিভিন্ন সংবাদমাধ্যমৰ স্থানীয় সাংবাদিকক আমন্ত্ৰণ জনাই আইতাৰ কাষলৈ ।
গাঁওবাসীয়ে আয়োজন কৰিলে আইতাৰ জন্মদিন উদযাপনৰ (105th birthday of a centenarian grandmother) ৷ আইতাই কেক কাটি গাঁওবাসীৰ সৈতে উদযাপন কৰিলে ১০৫ বছৰীয়া জন্মদিন । গাঁৱৰ জীয়ৰী-বোৱাৰী, নাতি-পৰিনাতিয়ে সকলোৱে আইতাক জনালে জন্মদিনৰ অলেখ শুভকামনা ৷ আইতাৰ এই জন্মদিনৰ কাৰ্যসূচী লৈ সংগ্ৰহ কৰি প্ৰচাৰ কৰিলে সাংবাদিকসকলেও ৷ মনৰ হেঁপাহ পূৰণ হ’ল আইতাৰ ৷
শতবৰ্ষ পাৰ কৰা আইতাৰ পঞ্চ ইন্দ্ৰিয় এতিয়াও সম্পূৰ্ণ সজীৱ । গাঁৱৰ জীয়ৰী-বোৱাৰীৰ লগত চিত্ৰলেখা আইতাই দৈনিক কিছু সময় পাৰ কৰে হৰিনামৰ মাজেৰে । আইতাই চৰকাৰী আঁচনি কিছু পাইছে যদিও সম্প্ৰতি এখন হুইল চেয়াৰৰ প্ৰয়োজন বুলি জনাইছে পৰিয়ালৰ লোকে । কিয়নো পৰিয়ালৰ লোকে জনোৱা অনুসৰি আইতাৰ এখন ভৰি বিকল । যাৰ ফলস্বৰূপে আইতাই উঠিব বা খোজ কাঢ়িবলৈ অসুবিধা পায় । ১০৫ বছৰ বয়স হোৱাৰ কোনো প্ৰমাণ পত্ৰ নাথাকিলেও শতায়ুগৰকা বুলি প্ৰায় নিশ্চিত আইতাক আমিও জনালোঁ জন্মদিনৰ শুভেচ্ছা ।
লগতে পঢ়ক:Barpeta Love jihad: গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক আশ্ৰাফুল হুছেইন !