ৰঙিয়া, 18 জানুৱাৰীঃ শিল্পী দিৱসৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰাম ৷ শনিবাৰে ৰঙিয়াৰ ধুহিতত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপিত হ’ল শিল্পী দিৱস ৷ জ্যোতিৰ জেউতিৰ সোঁৱৰণী অনুষ্ঠানত অংশগ্ৰহণ অভিনেত্ৰী বৰষাৰাণী বিষয়া তথা জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা নিবেদন কৰি বৰষাৰাণী বিষয়াই অসমীয়া বোলছবি জগতখনত অভিনয় কৰিবলৈ সক্ষম হোৱাৰ শ্ৰেয় আগৰৱালা দেৱলৈ আগবঢ়ায়।
আনহাতে, নিজৰ ভাষণত অভিনেত্ৰী গৰাকীয়ে সংশোধিত নাগৰিকত্ব আইন প্ৰসংগ টানি আনি ধৰ্মৰ নামত ৰাজনীতি কৰাসকলক কয় যে শ্বহীদৰ কোনো ধৰ্ম নাই, জাতি বচাবলৈ আন্দোলন কৰিবলৈ ওলাই অহা প্ৰতিজনেই অসমীয়া । লগতে তেওঁ সকিয়াই দিয়ে যে অসমীয়াই পাঁচ লাখ কিয় এজনো বিদেশী মানি নলয়। চৰকাৰে যে গোটেই অসম জুৰি চলি থকা আন্দোলনক দেখিও নেদেখা হৈ থাকি গণতন্ত্ৰক নস্যাৎ কৰি আছে, এই বিষয়েও অভিনেত্ৰী গৰাকীয়ে বিষোদগাৰ প্ৰকাশ কৰে। লগতে কয় যে, জাতি বচাবলৈ হ'লে কৰ্ম সংস্কৃতি গঢ়িব লাগিব, যেতিয়া পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়াহে জাতি বাচিব। আনহাতে, অভিনেত্ৰীগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিখ্যাত নাটক লভিতাৰ এটি সংলাপ আওৰাই দৰ্শকক আমোদ দিয়ে ।