কামৰূপ, 28 জুলাইঃ পুনৰ বিতৰ্কত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গ ৷ এইবাৰ ব্ৰাহ্মণ সমাজৰ ৰোষত পৰিল জুবিন ৷ বাইহাটা চাৰিআলি আৰক্ষী থানাত জুবিন গাৰ্গৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ ৷ বাইহাটা চাৰিআলিৰ স্থানীয় কেইগৰাকীমান ব্যক্তিয়ে ৰুজু কৰিলে জুবিন গাৰ্গৰ বিৰুদ্ধে গোচৰ । কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজৰ প্ৰতি কৰা কটু মন্তব্যত জাঙুৰ খাই উঠে ব্যক্তি কেইজন ।
বাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ
কিছুদিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত জুবিন গাৰ্গে ব্ৰাহ্মণ সমাজৰ প্ৰতি কৰা কটু মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ব্যক্তি কেইজন
বাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ
লগতে মঞ্চত ৰাজহুৱাভাবে ব্ৰাহ্মণ সমাজক কৰা মন্তব্য বিভিন্ন সংবাদত মাধ্যমৰ জৰিয়তে প্ৰচাৰো হোৱা বুলিও উল্লেখ কৰে ব্যক্তিকেইজনে । যাৰ বাবে জুবিন গাৰ্গৰ এই কটু মন্তব্যৰ উচিত বিচাৰৰ দাবীত গোচৰ ৰুজু কৰে সচেতন নাগৰিক সকলে । উক্ত অনুষ্ঠানতে জুবিন গাৰ্গে হিন্দী ভাষাৰ ওপৰতো নীচ মন্তব্য কৰা বুলি অভিযোগ আনে ব্যক্তিকেইজনে ।