অসম

assam

By

Published : Jul 22, 2020, 4:25 PM IST

ETV Bharat / state

বাইহাটা চাৰিআলিত গাড়ীচোৰৰ দৌৰাত্ম্য

বাইহাটা চাৰিআলিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা মুৰুলি ধাবাৰ পৰা চোৰে চুৰি কৰি নিলে ধাবাখনৰ স্বত্তাধিকাৰী এ এছ ২৫ এল ৮১৭৭ নম্বৰৰ এখন ওৱেগনাৰ বাহন ৷ জানিব পৰা মতে,নিতৌ ৰখাৰ দৰে মঙলবাৰেও ধাবাৰ সন্মুখতে বাহন খন ৰখাই শুই পৰিছিল ধাবাখনৰ স্বত্তাধিকাৰী ৷

CAR THIEF IN BAIHATA CHARIALI
বাইহাটা চাৰিআলিত গাড়ীচোৰৰ দৌৰাত্ম্য

কামৰূপ,22 জুলাইঃমঙলবাৰে বাইহাটা চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ বাইহাটা চাৰিআলিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা মুৰুলি ধাবাৰ পৰা চোৰে চুৰি কৰি নিলে ধাবাখনৰ স্বত্তাধিকাৰী এ এছ ২৫ এল ৮১৭৭নম্বৰৰ এখন ওৱেগনাৰ বাহন ৷ জানিব পৰা মতে,নিতৌ ৰখাৰ দৰে মঙলবাৰেও ধাবাৰ সন্মুখতে বাহন খন ৰখাই শুই পৰিছিল ধাবাখনৰ স্বত্তাধিকাৰী ৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চোৰে চুৰি কৰি নিবলৈ সক্ষম হয় বাহনখন ৷

বাইহাটা চাৰিআলিত গাড়ীচোৰৰ দৌৰাত্ম্য

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ধাবাখনৰ "কেচবক্স"ৰ পৰা গাড়ীখনৰ এপাট চাবি চুৰি হৈছিল ৷ ইপিনে এই ঘটনা সন্দৰ্ভত ধাবাখনৰ স্বত্তাধিকাৰ গৰাকীয়ে কমলপুৰ আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃকামপুৰত পুনৰ ছিগিল বৰপানী নৈৰ মথাউৰি

ABOUT THE AUTHOR

...view details