আমিনগাঁও, 8 ফেব্ৰুৱাৰীঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত আমিনগাঁৱত ৷ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমিনগাঁৱত আজি এক জোঁৰ সমদল উলিওৱা হয় ৷ কোনো কাৰণতে জাতিধ্বংসী অভিহিত আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ৷ অমিনগাঁও হাজো চকৰ পাৰ অমিনগাঁও ছেক গেটলৈ উলিওৱা এই সমদলত শতাধিক আছুৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমিনগাঁৱতো CAA ৰ বিৰোধিতাৰে জোঁৰ সমদল - জোঁৰ সমদল
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমিনগাঁত এক জোঁৰ সমদল উলিওৱা হয় ৷ অমিনগাঁও হাজো চকৰ পাৰ অমিনগাঁও ছেক গেটলৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল ৷
জোঁৰ সমদল