অসম

assam

By

Published : Feb 19, 2021, 7:54 PM IST

ETV Bharat / state

বাইহাটাত 'সেউজী অসম' স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ পদক্ষেপ

অসম আন্দোলনৰ সংগ্ৰামী প্ৰয়াত দুলাল শৰ্মাৰ পৰিয়ালক সাহাৰ্য প্ৰদান 'সেউজী অসম' নামৰ স্বেচ্ছাসেৱী সংস্থাৰ । আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ সদস্যক ডিজিটেল কেমেৰা প্ৰদান ।

বাইহাটাত 'সেউজী অসম' স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ পদক্ষেপ
বাইহাটাত 'সেউজী অসম' স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ পদক্ষেপ

বাইহাটা,১৯ ফেব্ৰুৱাৰী: অসম আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰিছিল কামৰূপ জিলাৰ বাইহাটাৰ সমীপৰ দুলাল শৰ্মা নামৰ লোকজনে । সম্প্ৰতি দুলাল শৰ্মাৰ পৰিয়ালটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে । কিন্তু সেই সংগ্ৰামী ব্যক্তিজনৰ পৰিয়ালটোৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰ তথা শাসকীয় দলটোৰ । শেহতীয়াকৈ আৰ্থিক অভাৱৰ বাবে লকডাউনৰ সময়ত দিল্লীত ফটোগ্ৰাফীৰ শিক্ষা আধৰুৱা কৰি ঘৰলৈ উভতি আহে দুলাল শৰ্মাৰ পুত্ৰ নিকুমণি শৰ্মাই । বৰ্তমান আৰ্থিকভাৱে জুৰুলা প্ৰয়াত দুলাল শৰ্মাৰ পৰিয়ালটোক সহায় কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল "সেউজী অসম"নামৰ এটা বেচৰকাৰী সংস্থা ।

বাইহাটাত 'সেউজী অসম' স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ পদক্ষেপ

মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি "সেউজী অসম"ৰ সভাপতি হীৰেন চহৰীয়া আৰু উপদেষ্টা দীনেশ শৰ্মাৰ নেতৃত্বত বিশিষ্ট ব্যৱসায়ী,সমাজসেৱক গোপাল ডেকাই দুলাল শৰ্মাৰ পুত্ৰ নিকুমণি শৰ্মাক এটা কেমেৰা প্ৰদান কৰে । স্বাৱলম্বী হোৱাৰ লগতে ঘৰখন চলাবলৈ আৰু মাতৃ কৃষ্ণা শৰ্মাৰ দায়িত্ব পালন কৰাৰ বাবে ৰাজা অৰ্থাৎ নিকুমণি শৰ্মাক এই বিশেষ উপহাৰ প্ৰদান কৰে সংস্থাটোৰ লগতে ব্যৱসায়ীজনে । 'সেউজী অসম' আৰু ব্যৱসায়ী গোপাল ডেকাই আগবঢ়োৱা এই সাহাৰ্যৰ বাবে আনন্দিত অসম আন্দোলনৰ সংগ্ৰামীজনৰ পৰিয়ালবৰ্গ । সংস্থাটো আৰু ব্যৱসায়ী গৰাকীক তেওঁলোকৰ এই মহানুভৱতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলে নিকুমণি শৰ্মাই ।

লগতে পঢ়ক:আমগুৰিত ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details