ৰঙিয়া,৪ জুন:দিন বেয়া চলিলে সকলো বুদ্ধিয়েই যেন অসাৰ । হাজাৰ চেষ্টা কৰিও নোৱাৰি সাৰিব । ৰঙিয়াৰ এটা চোৰৰ চলি আছিল শনিৰ দশা । চোৰটোৱে ৰঙিয়াৰ এজন লোকৰ ঘৰত চাফাই অভিযান চলোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল নিশাৰ ভাগত । ইফালে সিফালে চাই চিচিটিভিৰ বাবে চুৰি কৰাত ব্যৰ্থ হোৱাত চোৰে ভাঙিলে সেই স্থানত থকা CCTV কেমেৰা (CCTV broken by thief) । কিন্তু গৃহস্থই সাৰ পোৱা যেন অনুমান কৰি সেই স্থানৰ পৰা আঁতৰি গৈছিল চোৰটো (Thief failed to steal for CCTV) ।
পিছে নিশা সংঘটিত সমগ্ৰ ঘটনাৰ লগতে চোৰটোৰ মুখমণ্ডল স্পষ্টৰূপত বন্দী হৈ ৰ’ল CCTV কেমৰাৰ ষ্ট’ৰেজত(Face of thief captured in CCTV camera) । কেমৰাৰ ষ্ট’ৰেজত বন্দী হৈ ৰৈছিল চোৰটোৰ সকলো কাণ্ড । প্ৰথমে ঘৰৰ সন্মুখত মোবাইলেৰে টৰ্চ জ্বলাই ভিতৰলৈ সোমোৱাৰ পৰিকল্পনা কৰিছিল চোৰটোৱে । এনে সময়তে গৃহস্থৰ ঘৰৰ সন্মুখত প্ৰত্যক্ষ কৰে চিচিটিভি কেমেৰা । ইয়াৰ পিছতে ইফালে সিফালে চাই চোৰে লগে লগে চিচিটিভি কেমেৰা ভাঙিবলৈ আৰম্ভ কৰে । চিচিটিভিত ধৰা পৰাৰ ভয়ত পিছত দুটাকৈ চিচিটিভি কেমেৰা ভাঙিলে যদিও গৃহস্থই সাৰ পোৱা যেন অনুমান কৰি চোৰটোৱে পলায়ন কৰে ।