অসম

assam

ETV Bharat / state

সাংসদ নৱ শৰণীয়াই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ! - MP Naba Sarania

হাজোত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰমীলাৰামী ব্ৰহ্মৰ ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা চমু বাৰ্তালাপত সাংসদ নৱ শৰণীয়াক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ৷

সাংসদ নৱ শৰণীয়াই আবোল তাবোল বকি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছেঃ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

By

Published : Nov 10, 2019, 7:05 PM IST

হাজো,10 নৱেম্বৰঃ দেওবাৰে হাজোৰ শিক্ষা, সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান দলৈতোলা নয়নজ্যোতি স্পোৰ্টচ ক্লাৱৰ পয়ত্ৰিশ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৷

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু মত-বিনিময়ত সাংসদ নৱ শৰণীয়াই বিপিএফৰ ভেটি থৰক বৰক কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, "সাংসদ হৈ নৱ শৰণীয়াৰ ক্ষমতাই মূৰত ধৰিছে আৰু আবোল-তাবোল বকি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ।"

ইফালে শৰণীয়াই গঠন কৰা ৰাজনৈতিক দলত প্ৰমীলাৰাণীয়ে যোগদান কৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত এইয়া সম্পূৰ্ণ অপপ্ৰচাৰ আৰু উৰাবাতৰি বুলি উল্লেখ কৰে বিপিএফ নেত্ৰীগৰাকীয়ে ৷ আনহাতে নৱ শৰণীয়াৰ সমালোচনাত সৰৱ মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবে শৰণীয়াই বিপিএফ নেতা-কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াইছে ধনশিৰিয়ে

ABOUT THE AUTHOR

...view details