তামুলপুৰ, 11 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে বুধবাৰে গোৰেশ্বৰত আছুসহ আঠটা সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰি কেব তথা চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশেষত মহকুমা আৰক্ষী বিষয়া, জিলা আৰক্ষী বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰে আলোচনাত মিলিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনহাতে কেবৰ বিৰোধীতাত বৃহস্পতিবাৰে বন্ধ ঘোষণা কৰিছে প্ৰতিবাদকাৰীসকলে ।
ৰঙিয়া : ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ সমাজে ৰূপায়ন কৰে বজ্ৰনিনাদ ধ্বনি । ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক ছাত্র ছাত্ৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্র ছাত্ৰীয়ে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে ৰঙিয়াৰ আকাশ বতাহ । প্ৰতিবাদকাৰীসকলে কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি নোলোৱা অঙ্গীকাৰ কৰে । সমদলকাৰীসকলে সাম্প্ৰদায়িক ৰাজনীতি নচলিব, সাম্প্ৰদায়িক ৰাজনীতি পৃষ্ঠপোষক নেতাসকল নিপাত যাওঁক, অসম চৰকাৰ হায় হায় , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল জাতিৰ খলনায়ক আদি শ্ল'গানেৰে পৰিবেশ উত্তপ্ত কৰি ৰঙিয়াৰ কৃষক ভৱনত মিলিত হৈ এখন সভা অনুষ্ঠিত কৰে । মূৰত গামোচাৰে পাগুৰি মাৰি ছাত্রসকলে সভাত তাল বজাই সকলো ৰাইজকে কেবৰ বিৰুদ্ধে ওলাই আহি মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায় ।