ৰঙিয়া, 19 মাৰ্চ :নিৰ্বাচনৰ বতৰ, মাজত মাত্ৰ কেইটামান দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ ৷ এফালে ৰাজনৈতিক নেতাৰ বাক যুদ্ধ, আনফালে প্ৰতিশ্ৰুতিৰে দিছপুৰ মছনদ দখলৰ প্ৰয়াস ৷ কিন্তু এতিয়াও কা' আন্দোলন বা নাগৰিকত্ব সংশোধন আইন, 2019 ৰ সন্দৰ্ভত কোনো এটা দল তথা প্ৰাৰ্থীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই ৷ ভবা হৈছিল কা' আন্দোলনে এইবাৰৰ নিৰ্বাচনী বাতাবৰণ সলনি কৰিব ৷
দুই এজন লেখক বৃদ্ধিজীৱি, ৰাজনৈতিক দলৰ লগতে সীমিত সংখ্যক লোকৰ বাহিৰে এতিয়া সকলোৰে বাবে যেন কা' আন্দোলন অপ্ৰাসংগিক ৷ শুকুৰবাৰে ৰঙিয়া ৰাজপথলৈ উলাই আহিল কা' আন্দোলনত অংশগ্ৰহণ কৰা কেইজনমান যুৱক ৷ এই যুৱক কেইজনে ক'লে, কা' আন্দোলনৰ গইনা লৈ একাংশই ৰাজনৈতিক মুনাফা লাভৰ যুঁজত নামি পৰিছে ।