অসম

assam

By

Published : Dec 25, 2019, 5:08 AM IST

ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ অভিনৱ প্ৰতিবাদ

ৰাজ্যত সৰ্ব্বত্ৰে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ আইনখন বাতিলৰ দাবীত ৰাজ্যৰ ছাত্ৰ সমাজ,সাধাৰণ নাগৰিক তথা শিল্পী সমাজেও আহ্বান কৰিছে বিভিন্ন প্ৰতিবাদী সভাৰ ৷

CAA protest at Kamrup Guwahati and Dhemaji
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী অভিনৱ প্ৰতিবাদ

দক্ষিণ কামৰূপ, 24 ডিচেম্বৰঃ ৰাজ্যত সৰ্ব্বত্ৰে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ আইনখন বাতিলৰ দাবীত ৰাজ্যৰ ছাত্ৰ সমাজ,সাধাৰণ নাগৰিক তথা শিল্পী সমাজেও আহ্বান কৰিছে বিভিন্ন প্ৰতিবাদী সভাৰ ৷ তাৰ সমান্তৰালভাৱে মঙলবাৰে মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত দক্ষিণ কামৰূপ শিল্পী সমাজৰ উদ্যোগত আইনখন বাতিলৰ দাবীত "কা বিৰোধী সংস্কৃতিক প্ৰতিবাদ" শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হয় ৷

দক্ষিণ কামৰূপত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ আৰম্ভনিতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দিপাঞ্জল দাসক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শ্বহীদ গৰাকীৰ পিতৃ আৰু উপস্থিত ৰাইজে ৷ লগতে, শেহতীয়াভাবে চৰকাৰে জনসাধৰণৰ প্ৰতি আগবঢ়োৱা প্ৰলোভনৰ পৰাও ৰাইজগ সজাগ হ’বলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷

ধেমাজিঃ মঙলবাৰে ধেমাজি জিলা বৈদিক সনাতন সমাজে প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী আইৰ বিৰুদ্ধে ৷ উক্ত সভাত প্ৰতিবাদকাৰী সকলে ডবা,শংখ বজাই চৰকাৰক সুমতি দিয়াৰ উদ্দেশ্য আধ্যাত্মিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজি জিলা বৈদিক সনাতন সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

গুৱাহটী বিশ্ববিদ্যালয়ঃ ছাত্ৰসমাজৰ পিছত এইবাৰ শিক্ষকসমাজেও সাব্যস্ত কৰিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উদ্যোগতো উলিওৱা হয় এক প্ৰতিবাদী সমদল ৷ উক্ত সমদলত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশ্ববিদ্যালয় শিক্ষক সন্থাই ৷ লগতে আইনখন বাতিল নোহোৱা পৰ্যান্ত সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে বিশ্ববিদ্যালয় সমাজে ৷

গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ প্ৰতিবাদী সমদল

লগতে পঢ়ক- অসমীয়াই CAA নামানে ! একেই গতিৰে চলিয়েই আছে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details