উত্তৰ গুৱাহাটী, 27 ডিচেম্বৰঃৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ উত্তৰ গুৱাহাটীৰ বিহলঙনীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আইনখনৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷ আনহাতে, আইনখন বাতিল নকৰিলে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বৰ্জনৰ সংকল্প গ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ ৰাইজে ৷
আমিনগাঁওঃ শুকুৰবাৰে আমিনগাঁৱতো জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ প্ৰাক্তন আলফা ঐক্য মঞ্চ উত্তৰ কামৰূপ সমিতিৰ উদ্যোগত আমিনগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ আইনখন অতিশীঘ্ৰে উঠাই লোৱাৰ দাবীত উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷
গোলাঘাটঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি সন্মুখত লৈ গোলাঘাটত সাব্যস্ত কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ গোলাঘাট নাগৰিক মঞ্চ, কেওত জাতীয় পৰিষদ আৰু লুকানন্দ কাকতি ৰাজহুৱা নামঘৰৰ সহযোগত সাব্যস্ত কৰা হয় গণ অনশণ কাৰ্যসূচী ৷ গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় উক্ত অনশণ কাৰ্যসূচী ৷ সমান্তৰালকৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কৰা উচতনিমূলক মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মনোৱাৰ হুচেইনে ৷ লগতে মৃণাল শইকীয়াক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে বুলিও মন্তব্য কৰে ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকগৰাকীয়ে ৷