ছয়গাঁও ১৩জুনঃ আচলপাৰা কাণ্ডক লৈ এতিয়াও সমগ্ৰ দক্ষিণ কামৰূপত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ আচলপাৰা কাণ্ডৰ সৈতে জড়িত থকা সকলো দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তুলিছে গৰৈমাৰীৰ ব্যৱসায়ীসকলে ৷ লগতে গৰৈমাৰীবাসীক লজ্জানত কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি বুধবাৰে বৃহত্তৰ গৰৈমাৰে অঞ্চলৰ সকলো দোকান পোহাৰ বন্ধ ৰাখে ৷ ব্যৱসায়ীসকলে এই ঘটনাৰ প্ৰতিবাদ হিচাপে দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দোকান পোহাৰ বন্ধ ৰাখে ৷
দোকান বন্ধ ৰাখি ছয়গাঁও কাণ্ডৰ প্ৰতিবাদ গৰৈমাৰীৰ ব্যৱসায়ীৰ
৭ জুনত শিল্পীক অপমানিত কৰা ঘটনাকলৈ গৰৈমাৰীৰ ব্যৱসায়ী সকলে উক্ত ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ দাবীত প্ৰতিবাদ কৰে । অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী কৰিছে প্ৰতিবাদ কাৰী সকলে ।
আচলপাৰাত শিল্পীক অপমান কৰা বিৰুদ্ধে প্ৰতিবাদ