অসম

assam

ETV Bharat / state

ৰঙিয়াৰ তুলসীবাৰীত প্ৰতিষ্ঠিত ব্যৱসায়ীক আক্ৰমণ - তুলসীবাৰীৰ আৰ বি আই ইটা উদ্যোগ

ৰঙিয়াৰ তুলসীবাৰীত এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক কৰা আক্ৰমণৰ ঘটনাই এতিয়া সমগ্ৰ ৰঙিয়া চহৰতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে(Businessman attacked in Rangia) ৷ তুলসীবাৰী আৰক্ষী চকীৰ গাড়ী চালকৰ নেতৃত্বত যোৱা এটি দলে বুধবাৰে নিশা আক্ৰমণ কৰে ব্যৱসায়ী ৰহিম আলীক ৷ কেৱল আক্ৰমণেই নহয় ব্যৱসায়ীগৰাকীৰ চাৰি চকীয়া বাহনৰ পৰা আক্ৰমণকাৰী দলটোৱে লুটি নিলে প্ৰায় দুই লাখ ৮০ হাজাৰ টকা ৷ জানিব পৰা মতে, তুলসীবাৰীৰ আৰ বি আই ইটা উদ্যোগৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ তুলসীবাৰী আৰক্ষী চকীৰ গাড়ীচালক আকবৰ ভূঞাৰ নেতৃত্বত যোৱা দলটোৱে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীগৰাকীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত আকবৰ ভূঞা আৰু আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী ৰহিম আলীয়ে ।

ৰঙিয়াৰ তুলসীবাৰীত প্ৰতিষ্ঠিত ব্যৱসায়ীক আক্ৰমণ
ৰঙিয়াৰ তুলসীবাৰীত প্ৰতিষ্ঠিত ব্যৱসায়ীক আক্ৰমণ

By

Published : Dec 31, 2021, 4:10 PM IST

ABOUT THE AUTHOR

...view details