ৰঙিয়া, ২৫ এপ্ৰিল: দেশৰ লগতে অমসতো প্ৰতিদিনে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিধি নিয়ম (এচ অ’ পি) জাৰি কৰিছে । উক্ত এচ অ’ পি অনুসৰি, যাত্ৰীবাহী বাছ, অটো ৰিক্সা আদিত ৫০ শতাংশ লোকহে যাব পাৰিব । কিন্তু এই এচ অ’ পিৰ গইনা লৈ একাংশ চালকে দুগুণ ভাড়া লোৱা পৰিলক্ষিত হৈছে । ইয়াকে কেন্দ্ৰ কৰি ৰঙিয়াত যাত্ৰীসকলৰ লগতে বাছ মালিকসকলৰ মাজত সৃষ্টি হৈছে মতানৈক্যৰ ।
বাছত নিয়ম অনুসৰি ৫০ শতাংশ যাত্ৰী বহুৱাৰ পিছত যাত্ৰীসকলৰ পৰা লোৱা হৈছে দুগুণ ভাড়া । তাৰ পিছতো ব্যাপক লোকচানৰ সন্মুখীন বাছৰ মালিকপক্ষ । দীৰ্ঘদিনীয়া লকডাউনৰ পিছত বাণিজ্যিক পৰিবহণত কিছু সুচলৱস্থা আহিছিল যদিও পুনৰ ক'ভিডৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ বাবে যাত্ৰীবাহী বাছসমূহৰ ক্ষেত্ৰত পূৰ্বৰ নীতি-নিয়মসমূহ বলৱৎ কৰা হৈছে ।
ক'ভিডৰ নতুন এছ অ পিক লৈ অসন্তুষ্ট যাত্ৰী-বাছ মালিক বৰ্তমান সামাজিক দূৰত্ব বজাই ৰাখি ৫০ শতাংশ যাত্ৰীৰে চৰকাৰে ব্যক্তিগত মালিকানাধীন বাছ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে । কিন্তু যাত্ৰীসকলৰ পৰা আদায় কৰা হৈছে দুগুণকৈ ভাড়া । লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰা সৰ্বসাধাৰণ লোকসকলৰো দুগুণ ভাড়া ভৰিব লগা হোৱাৰ বাবে প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হয় বাছৰ পৰিচালকৰ লগত ।যাৰফলত নিতৌ অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । যাত্ৰীসকলৰ উপৰিও আন-আন সমস্যাইও জুৰুলা কৰিছে বাছৰ মালিকপক্ষক ।
ইন্ধনৰ বৰ্ধিত মূল্য আৰু টোল গেটত আদায় দিব লগা কৰৰ বাবে ব্যক্তিগত পৰিবহনৰ লগত জড়িতসকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । আৰ্থিক দুৰৱস্থাৰ বাবে এইসকল লোকে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰিছে । লগতে ব্যৱসায়ৰ বাবে লোৱা ঋণৰ বাবেও যথেষ্ট অসুবিধা হৈছে এইসকল কৰ্মচাৰীৰ । গতিকে যাত্ৰীসকলৰ লগতে পৰিবহন কৰ্মচাৰীসকলেও বিচাৰিছে চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰক আৰু সমাধানৰ পথ মুকলি কৰক ।
লগতে পঢ়ক: বঙাইগাঁৱৰ হোটেল নন্দিনীত ভয়াৱহ অগ্নিকাণ্ড