আজাৰা, 18 ছেপ্তেম্বৰ: বৰঝাৰ বিমানবন্দৰত সজীৱ গুলীসহ আটক অৰুণাচলৰ এগৰাকী লোক ৷ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লোকগৰাকীয়ে বৃহস্পতিবাৰে ইণ্ডিগ' বিমানেৰে নতুন দিল্লীলৈ যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ বাহিনীৰ তালাচীত জব্দ কৰা হয় সজীৱ গুলি দুটা ৷ আটকাধীন লোক জন অৰুণাচলৰ পশ্চিম কামেং জিলাস্থিত চেপাৰ লম্বোডিয়া দেয়ন (৪০ ) বুলি চিনাক্ত কৰা হৈছে ৷
বৰঝাৰ বিমানবন্দৰত সজীৱ গুলীসহ আটক অৰুণাচলৰ লোক - লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ
বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ বাহিনীৰ তালাচীত গুলীসহ অৰুণাচলৰ এজন লোকক আটক কৰা হয় ৷
![বৰঝাৰ বিমানবন্দৰত সজীৱ গুলীসহ আটক অৰুণাচলৰ লোক গুলীসহ আটক অৰুণাচলৰ এগৰাকী লোক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8843646-508-8843646-1600404305335.jpg)
গুলীসহ আটক অৰুণাচলৰ এগৰাকী লোক
আনহাতে জব্দকৃত গুলী দুটাৰ এটা .22 বন্দুকৰ আৰু আনটো জন্তু চিকাৰত ব্যৱহৃত গুলী বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্গত চি আই এছ এফে বৰঝাৰ আৰক্ষী চকীত অস্ত্ৰ আইন ২৫ ( ১ /এ ) ধাৰাৰ অধীনত ৫১৯/ ২০ নম্বৰত লোক জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে আটকাধীন লোক জনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ আদালতে লোকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:হোজাইত হাতীৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু