অসম

assam

বকোত ম'হ ভৰ্তি ট্ৰাক জব্দ: আৰক্ষীৰ লাঠিচালনা

By

Published : Jan 16, 2020, 9:33 AM IST

আৰক্ষীয়ে ম'হ ভৰ্তি ট্ৰাক দুখন জব্দ কৰি লৈ যাবলৈ লওঁতেই একাংশ ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ দৰাচলতে, পূৰ্বতেও জামবাৰী আৰক্ষীয়ে দুখন ম'হ ভৰ্তি ট্ৰাক জব্দ কৰিছিল যদিও চালকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে জামবাৰী আৰক্ষীৰ বিৰুদ্ধে ।

বকোত মহ ভৰ্তি ট্ৰাক জব্দ
বকোত মহ ভৰ্তি ট্ৰাক জব্দ

বকো, 16 জানুৱাৰীঃ বুধবাৰে নিশা অবৈধ ম'হ ব্যৱসায়ক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বকো চহৰ ৷ বকোৰ বাহজানীত স্থানীয় লোকে নিশা জব্দ কৰে ২২ টাকৈ ম'হ থকা দুখন টাটা এলপিটি ট্ৰাক ৷ ম'হৰ চোৰাং সৰবৰাহৰ উমান পাই স্থানীয় লোকে পৰিকল্পনা অনুযায়ী জব্দ কৰে ট্ৰাক কেইখন ৷ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰে । উল্লেখ্য যে, আৰক্ষীয়ে ট্ৰাক দুখন থানালৈ আনিবলৈ লওঁতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ জব্দ হোৱা ট্ৰাক দুখনৰ নম্বৰ MH-১২-TR- DCM ৭৭২, আনখনৰ নম্বৰ AS-25-EC-2532 ।

লগতে পঢ়কঃ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাৰীক ফাঁচীৰ পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ

আৰক্ষীয়ে ম'হ ভৰ্তি ট্ৰাক দুখন জব্দ কৰি লৈ যাবলৈ লওঁতেই একাংশ ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় ৷ দৰাচলতে, পূৰ্বতেও জামবাৰী আৰক্ষীয়ে দুখন ম'হ ভৰ্তি ট্ৰাক জব্দ কৰিছিল যদিও ৰাইজে বাহনৰ চালকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে জামবাৰী আৰক্ষীৰ ওপৰত । সেয়ে আৰক্ষীৰ ওপৰত সৰৱ হৈ পৰে স্থানীয় ৰাইজ ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত বকো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ABOUT THE AUTHOR

...view details