অসম

assam

By

Published : Mar 26, 2023, 3:48 PM IST

ETV Bharat / state

Dhritashree Rabha suicide case: সুৰক্ষিত নহয় দেশ ৰক্ষাৰ দায়িত্বত থকা অসমৰ যুৱতী

চলিত বৰ্ষৰ ২০ মাৰ্চৰ পুৱা পশ্চিম গাৰো পাহাৰৰ হালিদয়গঞ্জত অৱস্থিত বি এছ এফৰ ৪৫ নং বেটেলিয়নত কৰ্মৰত ধৃতাশ্ৰী ৰাভাৰ আত্মহত্য়াৰ ঘটনাই লৈছে নতুন মোৰ (BSF sports champion Dhritashree Rabha commits suicide) । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী মৃত ধৃতাশ্ৰীৰ পৰিয়ালৰ লোকৰ । সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ৰাভা মহিলা পৰিষদৰ ।

BSF sports champion Dhritashree Rabha commits suicide
Dhritashree Rabha commits suicide

Dhritashree Rabha commits suicide

বকো, ২৬ মাৰ্চ: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰা বি এছ এফৰ মুখ্য কাৰ্যালয়ৰ অধীনস্থ কোচবিহাৰৰ এটা বেটেলিয়নৰ সৈতে সংযুক্ত হৈ থকা কেম্পত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলা কনিষ্টবলৰ মৃতদেহ । ২০ মাৰ্চৰ পুৱা বেটেলিয়নৰ এটা ৰুমৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো (Dhritashree Rabha suicide case) । মৃতদেহটো সীমান্ত সুৰক্ষা বাহিনীৰ ক্ৰীড়া চেম্পিয়ন ২৮ বছৰীয়া ধৃতাশ্ৰী ৰাভাৰ বুলি চিনাক্ত কৰা হৈছিল(BSF sports champion Dhritashree Rabha commits suicide) ।

কামৰূপ জিলাৰ বকোৰ ডকুৱাপাৰা গাঁৱৰ পৰা অহা যুৱতীগৰাকী পশ্চিম গাৰো পাহাৰৰ হালিদয়গঞ্জত অৱস্থিত বি এছ এফৰ ৪৫ নং বেটেলিয়নত কৰ্মৰত আছিল । কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ কোচবিহাৰত থকা ১২৯ বেটেলিয়ন বি এছ এফৰ সৈতে সংযুক্ত হৈ থকাৰ সময়তে পোহৰলৈ আহিছিল এই শোকাৱহ ঘটনা (Karate Champion Dhritashree Rabha) । বি এছ এফৰ প্ৰাৰম্ভিক প্ৰতিবেদনত এই ঘটনাক আত্মহত্যা বুলি দাবী কৰা হৈছিল ।

পিছে প্ৰতিভাসম্পন্ন যুৱতীগৰাকীৰ মৃত্যুক পৰিয়াল আৰু আত্মীয়ই সীমান্ত বাহিনীৰ দাবী কৰাৰ দৰে আত্মহত্যা বুলি মানি ল'ব পৰা নাই । ইয়াৰ বিপৰীতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে পৰিয়ালৰ লোকে (Family suspects murder of Dhritashree Rabha) । পাচত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি কোচবিহাৰৰ পুন্দিবাৰী আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ।

ইফালে এই ঘটনাক সহজভাৱে ল'ব পৰা স্থানীয় ৰাইজ তথা দল সংগঠনেও । শনিবাৰে বিয়লি ৰাভা মহিলা পৰিষদৰ এটা দল উপস্থিত হয় ধৃতাশ্ৰীৰ গৃহত । ৰাভা জাতিৰ এগৰাকী প্ৰতিভাৱান আৰু উদীয়মান যুৱতীৰ এই অস্বাভাৱিক মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই ৰাভা মহিলা পৰিষদে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰে ৰাভা মহিলা পৰিষদে ।

লগতে পঢ়ক:Minister Atul Bora on Rahul Gandhi : ৰাজনৈতিক অপৰিপক্বতাৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে; মন্ত্ৰী অতুল বৰা

ABOUT THE AUTHOR

...view details