অসম

assam

By

Published : Dec 1, 2020, 7:20 PM IST

ETV Bharat / state

গুৱাহাটী ফ্ৰণ্টীয়াৰৰ মুখ্য কাৰ্য্যলয়ত বিএচএফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

গুৱাহাটীৰ নাতিদূৰৰ ৰাণী পাটগাঁৱত অৱস্থিত বিএছএফৰ গুৱাহাটী ফ্ৰণ্টীয়াৰৰ মুখ্য কাৰ্য্যলয়ত বিএচএফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মঙলবাৰে এখন সংবাদ মেল আয়োজন কৰা হয় । সংবাদমেল সম্বোৰ্ধন কৰে বিএছএফৰ মহা পৰিদৰ্শক ৰাজেশ কুমাৰে ৷

bsf-press-meet-at-ghy
গুৱাহাটী ফ্ৰণ্টীয়াৰ মুখ্য কাৰ্য্যলয়ত বিএচএফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

দক্ষিণ কামৰূপ, 1 ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ নাতিদূৰত অৱস্থিত ৰাণী পাটগাঁৱস্থ বিএছএফৰ গুৱাহাটী ফ্ৰণ্টীয়াৰৰ মুখ্য কাৰ্য্যলয়ত বিএচএফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মঙলবাৰে এখন সংবাদ মেল আয়োজন কৰা হয় । সংবাদ মেলত বিএছএফৰ মহা পৰিদৰ্শক ৰাজেশ কুমাৰে ভাৰত বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত বিএচএফে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে ।

গুৱাহাটী ফ্ৰণ্টীয়াৰ মুখ্য কাৰ্য্যলয়ত বিএচএফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

তেওঁ কয়, সীমান্তত গৰুৰ চোৰাং বেহাকে ধৰি গাড়ীৰ পাৰ্টছ, ফেন্সীডাইল, কাপোৰ আদিৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ভাৰত বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ নদী সীমা অঞ্চলৰ সুৰক্ষা এক প্ৰত্যাহ্বান । বানপানীৰ সময়ত আৰু শীতৰ বতৰত সীমান্তত চোৰাং বেহা অধিক বৃদ্ধি হয় বুলি জানিবলৈ দিয়ে ৰাজেশ কুমাৰে ৷

তদুপৰি বিগত বছৰত সীমান্তত প্ৰায় ২৪,০০০ ৰো অধিক চোৰাংভাৱে সৰবৰাহ কৰা গৰু বিএছএফে জব্দ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ৰাজেশ কুমাৰে । উল্লেখ্য যে, সংবাদ মেলতে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিদিনে সীমান্তত সষ্টম হৈ থকা বিএছএফ জোৱানৰ বিভিন্ন সমৰসজ্জা প্ৰদৰ্শন কৰা এটা ভিডিঅ’ উন্মোচন কৰা হয় ।

লগতে পঢ়কঃচতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে সততাৰে ওভতাই দিলে 40 হাজাৰ টকা

ABOUT THE AUTHOR

...view details