অসম

assam

By

Published : Aug 24, 2019, 11:15 PM IST

ETV Bharat / state

ৰাণীত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 'পেঞ্চন আদালত'

এই পেঞ্চন আদালতৰ জৰিয়তে যি সকল প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ সৈনিকে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে সেই সকল সৈনিকৰ পেঞ্চন মোকোলাই দিয়াৰ ব্য়ৱস্থা কৰা হয় ৷

ৰাণীত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 'পেঞ্চন আদালত'

গুৱাহাটী, 24 আগষ্টঃ মহানগৰৰ ৰাণীস্থিত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ শিবিৰত আয়োজন 'পেঞ্চন আদালত' ৷ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন সৈনিক তথা কৰ্মীসকলৰ পেঞ্চনৰ সুবিধাৰ্থে আয়োজন কৰা হৈছে এই আদালত ৷ দেশমাতৃ হকে দিনে পোহৰে ৰদে বৰষুণে সদায় অতন্দ্ৰ পোহৰি হৈ ভাৰতীয় সীমাত নিয়োজিত হৈ থকা ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন সৈনিক সকলৰ পেঞ্চনৰ সুবিধাৰ্থে শনিবাৰৰ পৰা মহানগৰৰ ৰাণীস্থিত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ শিবিৰত আয়োজন কৰা হয় 'পেঞ্চন আদালত' । এই পেঞ্চন আদালতত যি সকল প্ৰাক্তন ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ সৈনিকে পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে সেই সকল সৈনিকৰ পেঞ্চন মোকোলাই দিবলৈ এই পেঞ্চন আদালতৰ জৰিয়তে সুবিধা কৰি দিয়া হ'ব । এই পেঞ্চন আদালতত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ 210 জন প্ৰাক্তন সৈনিক তথা পৰিয়ালৰ লোক আহি পেঞ্চনৰ কাম নিয়াৰিকৈ কৰে ।

আনহাতে, শনিবাৰে পেঞ্চন আদালতৰ শিবিৰ মুকলি কৰে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ ইন্সপেক্টৰ জেনেৰেল পিউছ মাৰদিয়াই ।

ৰাণীত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 'পেঞ্চন আদালত'

ABOUT THE AUTHOR

...view details