বকো, 14 ফেব্ৰুৱাৰী : প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বকোৰ লাম্পী হৈছে এখন জনজাতীয় অঞ্চল ৷ বিশেষকৈ খাচী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বসতিস্থল লাম্পী অঞ্চল ৷ এই লাম্পীতে শীতকালত হাজাৰ-হাজাৰ বিঘা মাটিত উৎপাদন হয় কুছিফুল অৰ্থা ঝাড়ু ৷ লাম্পীবাসীয়ে উৎপাদন কৰা ঝাড়ু দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ৷ ৰাজস্থান, মুম্বাই, কলিকতা আদি স্থানলৈ ৰপ্তানি হয় ঝাড়ু ৷
কিন্তু তেওঁলোকে কষ্ট কৰি উৎপাদন কৰা ঝাড়ুৰ উচিত বজাৰ মূল্য নাপাই বৰ্তমান হতাশ হৈ পৰিছে কুছি খেতিয়ক সকলে ৷ উপযুক্ত বজাৰ, বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত কুছিফুল কেঁচাই কেঁচাই পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ৷ যাৰবাবে প্ৰায় 30-40 টকা দৰত বিক্ৰী হয় কুছিফুল ৷