অসম

assam

কামৰূপত বিয়াৰ দিনাই নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ দৰা-কইনাৰ

By

Published : Jan 18, 2020, 5:57 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে ৷ এনে সময়তে কামৰূপ জিলাৰ দদৰা ইছলামপুৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে এহাল নৱবিবাহিত দম্পতীয়ে ৷ বিয়াৰ দিনটোতে নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দুয়োয়ে ৷

Bride and Groom Protest against CAA on their Wedding at Kamrup
নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ দৰা-কইনাৰ

কামৰূপ, 18 জানুৱাৰীঃ বিবাহৰ পবিত্ৰ বান্ধোনেৰে বান্ধ খোৱাৰ দিনটোতো অসমীয়াই সাব্যস্ত কৰিবলগীয়া হৈছে প্ৰতিবাদ ৷ যিটো সময়ত চৰকাৰে ৰাইজৰ বিৰুদ্ধে গৈ বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন, 2019 জাপি দিছে, তেনে সময়তে বিয়াৰ দিনটোতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এহাল নৱবিবাহিত দম্পতীয়ে ৷

নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে প্ৰতিবাদ দৰা-কইনাৰ

হাজোৰ দদৰাত শনিবাৰে নিকাহ সম্পন্ন হয় ইছলামপুৰৰ শিক্ষক আফতাৰ আলীৰ কন্যা চুৱেনা চুলতানা আৰু হাজো বৰ্ণিৰ শিক্ষক চফুৰুদ্দিন আহমেদৰ পুত্ৰ চায়েদুৰ ৰহমানৰ ৷ নিজৰ নিকাহৰ দিনটোতে দুয়ো দৰা-কইনাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাতত প্লেকাৰ্ড লৈ কৰা প্ৰতিবাদত বিবাহস্থলীত উপস্থিত থকা সকলোৱে দুয়ো দৰা-কইনাকে সমৰ্থন আগবঢ়ায় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details