কামৰূপ, 19 জুলাইঃ কামৰূপৰ বাইহাটাত পানীত পৰি সন্ধানহীন যুৱক ৷ নদীত ভৰি ধুবলৈ যাঁওতেই নদীত উটি যায় যুৱকজন ৷ বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আঁচনিৰ সমীপৰ জলাজল নদীত সংঘটিত হয় এই ঘটনা ৷ সন্ধানহীন যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল হিৰক জ্যোতি দাস ৷
নৈত ভৰি ধুবলৈ গৈ উটি গ'ল ছাত্ৰ - jolajol river
নদীত ভৰি ধুবলৈ যাঁওতেই নদীত উটি যায় যুৱকজন ৷ বাইহাটা চাৰিআলিৰ বিহদিয়াৰ ধনাখণ্ডা আঁচনিৰ সমীপৰ জলাজল নদীত সংঘটিত হয় এই ঘটনা ৷ নিহত যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷
নৈত ভৰি ধুবলৈ গৈ উটি গ'ল ছাত্ৰ
উল্লেখ্য যে, ছাত্ৰজনে নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ সৎকাৰ কৰি আহি নৈত ভৰি ধুবলৈ যাঁওতেই পানীত উটি যায় ৷ আনহাতে, স্থানীয় ৰাইজ তথা এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
Last Updated : Jul 20, 2019, 12:00 AM IST