গুৱাহাটী, ১২ এপ্ৰিলঃ নিশা মহানগৰীৰ মালিগাঁও নীলাচলপুৰত সংঘটিত হয় এক ঘটনা। ড্ৰাগছ আসক্ত এজন যুৱকে মাতৃসহ দুই পুত্ৰক দাৰে ঘপিওৱাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি। ভৈৰৱ দাস নামৰ এজন উদণ্ড যুৱকে মৰমী দাস আৰু তেওঁৰ দুই পুত্ৰ সুৰজ দাস আৰু বিকি দাসক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। ফলত স্থানীয় ৰাইজে যুৱকজনৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত কৰি তুলে পৰিস্থিতি। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
মহানগৰীত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিধৱা মহিলাসহ দুই পুত্ৰক - হত্যাৰ চেষ্টা
নিশা মহানগৰীৰ মালিগাঁও নীলাচলপুৰত সংঘটিত হয় এক ঘটনা। ড্ৰাগছ আসক্ত এজন যুৱকে মাতৃসহ দুই পুত্ৰক দাৰে ঘপিওৱাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি

মহানগৰীত ড্ৰাগছসক্ত যুৱকৰ দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিধৱা মহিলাসহ দুই পুত্ৰক
মহানগৰীত ড্ৰাগছসক্ত যুৱকৰ দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিধৱা মহিলাসহ দুই পুত্ৰক
আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ ভাষ্য অনুসৰি ভৈৰৱ দাস নামৰ যুৱকজনে বহুদিনৰ পৰাই অশ্লীল ইংগিত দি আহিছিল দুই সন্তানৰ মাতৃ বিধৱা মৰমী দাসক। মহিলাগৰাকীয়ে যুৱকজনৰ এই কাৰ্যৰ প্ৰতিবাদ কৰিলত ড্ৰাগছ আসক্ত যুৱকজনে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে মৰমী দাসসহ তেওঁৰ দুই পুত্ৰক।
ইতিমধ্যে ভুক্তভুগী পৰিয়ালে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে জালুকবাৰী আৰক্ষী থানাত । ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত ভৈৰৱ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই জালুকবাৰী আৰক্ষী।