অসম

assam

ETV Bharat / state

নামৰ সাদৃশ্যৰ বাবে ডিটেনশ্বন কেম্পলৈ ভাৰতীয় নাগৰিক - Assam Police

অসম আৰক্ষীৰ সীমান্ত শাখাৰ ভুলৰ বাবে শৰণাৰ্থী শিৱিৰত দিন কটাবলগীয়া হৈছে দিলীপ বিশ্বাসে ৷

নামৰ সাদৃশ্যৰ বাবে ডিটেনশ্বন কেম্পলৈ ভাৰতীয় নাগৰিক

By

Published : May 9, 2019, 7:37 PM IST

ৰঙিয়া, 9 মেঃ উপযুক্ত নথি থকাৰ পিছতো নামৰ সাদৃশ্যৰ বাবেই ভাৰতীয় নাগৰিকক পঠিওৱা হ'ল ডিটেনচন কেম্পলৈ ৷ ৰঙিয়াৰ তুলসীবাৰীৰ দিলীপ বিশ্বাস নামৰ লোকজনক নাগৰিকত্বৰ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো যোৱা সোমবাৰে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হয় ।

নামৰ সাদৃশ্যৰ বাবে ডিটেনশ্বন কেম্পলৈ ভাৰতীয় নাগৰিক

একমাত্ৰ প্ৰশাসনৰ ভুলৰ বাবেই এইদৰে উপযুক্ত নথি-পত্ৰ থকাৰ পিচটো দিলীপ বিশ্বাসক শৰণাৰ্থী শিবিৰলৈ প্ৰেৰণ কৰে অসম আৰক্ষীৰ সীমান্ত শাখাই ৷ বিদেশী বুলি জাৰি কৰা জাননীত দ্বাৰকুছিৰ উমা বিশ্বাসৰ পুত্ৰ ৩৩ বছৰীয়া দিলীপ বিশ্বাস বুলি উল্লেখ আছে যদিও, প্ৰকৃত বিদেশী জনৰ বিপৰীতে সীমান্ত আৰক্ষীয়ে তুলসীবাৰীৰ উমেশ বিশ্বাসৰ পুত্ৰ পঞ্চাশ বছৰীয়া দিলীপ বিশ্বাসকহে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে। আনহাতে জাননীত উল্লেখ থকা মতে দিলীপ বিশ্বাসৰ দুজনী ছোৱালী আছে। কিন্তু ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা দিলীপ বিশ্বাসৰ দুজন পুত্ৰহে আছে , তেওঁৰ কন্যা সন্তান নাই। ইয়াৰ উপৰিও স্বদেশী দিলীপ বিশ্বাসৰ ১৯৬৬ চনৰ লিগেচি ডাটা, ১৯৬৪ চনত মাটি ক্ৰয় কৰা দলিল, এন‌ আৰ চিৰ পূৰ্ণাংগ খচৰাত নাম অন্তৰ্ভুক্ত হৈ আছে।

এনে অন্যায়মূলক কাৰ্য‍ৰ বিৰুদ্ধে বৃহস্পতিবাৰে স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্বদেশীৰ নামত বিদেশীক হাৰাশাস্তি কৰা নচলিব, সীমান্ত আৰক্ষী মুৰ্দাবাদ,দিলীপ বিশ্বাসক অতি শীঘ্ৰে মুকলি কৰি দিয়ক আদি শ্লোগানেৰে উত্তপ্ত কৰি তোলে তুলসীবাৰী। অন্যায়মূলকভাৱে কেৱল মাত্ৰ নামৰ সাদৃশ্যৰ বাবেই এনেদৰে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা কাৰ্যক বিভিন্ন দল-সংগঠনে তীব্ৰ গৰিহণা দিয়ে। ইফালে ভুক্তভোগী দিলীপৰ পত্নীয়ে শীঘ্ৰে তেওঁৰ স্বামীক মুকলি কৰি দিবলৈ দাবী জনায়। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য জনক অন্যায়মূলকভাৱে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। অশ্ৰুসিক্ত নয়নৰে পত্নীয়ে নিৰ্দোষী স্বামী দিলীপক মুকলি কৰি দিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details