বাইহাটা,28 নৱেম্বৰঃকামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থ উন্মোচনী সভা ৷ শনিবাৰে বাইহাটা চাৰিআলিৰ কৰৰাত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷ অসমৰ জাতীয় জীৱন টনকিয়াল কৰি ৰখাৰ উদ্দেশ্যে অসম সাহিত্য সভাই নতুন অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ লক্ষ্য নিৰ্ণয় কৰা বুলি এই সভাত মন্তব্য কৰে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ৷
কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা - Assam sahitya Sabha
শনিবাৰে বাইহাটা চাৰিআলিৰ কৰৰাত কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত এখনি কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ৷

কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা
কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা
আনহাতে, অনাগত দিনসমূহত নতুন প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনাৰ বিষয়েও সদৰি কৰে সভাপতি কুলধৰ শইকীয়াই ৷