ছয়গাঁও, 27 আগষ্টঃপশ্চিম কামৰূপ বন সংমণ্ডল অন্তৰ্গত ছয়গাঁৱৰ প্ৰীতিপুৰৰ পৰা মঙলবাৰে ৰাতিপুৱা বৃহৎ পৰিমাণৰ শাল আৰু চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে । প্ৰায় দুই লাখ টকাৰ মূল্যৰ ২৮ টুকুৰা শাল ও চেগুনৰ কুণ্ডা জব্দ কৰে দলটোৱে । সোমবাৰে নিশা লামপাৰাৰ সমীপৰ গোহাইগুৰুং সংৰক্ষিত বনাঞ্চল আৰু লামপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ বনাঞ্চলত দুৰ্বৃত্তই ধ্বংস কৰে বহুকেইডাল শাল আৰু চেগুন । এই তথ্য লাভ কৰাৰ পিছতেই বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত এটা দলে অভিযান আৰম্ভ কৰে । অৱশেষত দলটোৱে কুণ্ডাকেইটা প্ৰীতিপুৰৰ এখন বাকৰিত উদ্ধাৰ কৰে যদিও গাওঁখনৰ একাংশ লোকে কুণ্ডা জব্দ কৰাত বাধা প্ৰদান কৰে ৷ কিছুসময়ৰ পাছত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশত ঘটনাস্থলীত শিংৰা বন বিষয়াৰ কাৰ্যালয়, কুকুৰমাৰা বন বিষয়াৰ কাৰ্যালয়ৰ বাহিনী তথা বকো আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে ।
দক্ষিণ কামৰূপত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ
দক্ষিণ কামৰূপত অব্যাহত আছে বন ধ্বংসলীলা৷ পশ্চিম কামৰূপ বন সংমণ্ডল অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অপৈণত শাল আৰু চেগুন কাটি তহলিং কৰিছে দুষ্কৃতিকাৰীয়ে৷ প্ৰতিদিনে উদ্ধাৰ হৈ আছে ট্ৰাকে ট্ৰাকে মূল্যবান গছৰ কুণ্ডা৷
দক্ষিণ কামৰূপত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ
ঘটনা সন্দৰ্ভত বৰ্তমানলৈ এজনকো আটক কৰা হোৱা নাই ৷ বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসে জনোৱা অনুসৰি, তেওঁলোকে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব ৷