অসম

assam

ETV Bharat / state

বকোত জব্দ বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা

বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা জব্দ হয় বকোৰ নেউলডোৱাত ৷ সচেতন লোকৰ অভিযোগ মতে, ন বিভাগৰ একাংশ কৰ্মচাৰীক হাতৰ মুঠিত ৰাখি বন ধ্বংস কৰি অনা হৈছে লক্ষ্যাধিক মূল্যৰ এই কুণ্ডাসমূহ ৷

BOKO WOOD LOGS SEIZED
বৃহৎ পৰিমাণৰ শাল গছ জব্দ

By

Published : Jan 3, 2020, 11:50 AM IST

বকো, 3 জানুৱাৰী:শুকুৰবাৰে বকোৰ নেউলডোৱাত জব্দ হয় বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা৷ বনজ সম্পদৰে ভৰপুৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ সেউজ ভূমি সংকুচিত হৈ অহা সময়তে, বৃহৎ সংখ্যক শাল গছ জব্দ হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই অপৈনত শাল গছ খিনি শৰাইঘাট ইঞ্জিনিয়াৰ্চ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে, নিৰ্মীয়মান অৱস্থাত থকা মৰা কলহী নদীৰ ওপৰত 100 মিটাৰ দৈৰ্ঘৰ পকী দলং খন নিৰ্মাণৰ বাবে চোৰাং ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল ৷ নিশাৰ ভাগত চোৰাংভাৱে যোগান ধৰিছিল অপৈনত শালগছৰ কুণ্ডাখিনি ৷

বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা জব্দ

আজি ৰাতিপুৱা ভাগত একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত, বকোস্থিত শিংৰা, বামুনীগাঁও, কুকুৰমাৰা আৰু নগৰবেৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীৰ দল নিৰ্মাণস্থলীত উপস্থিত হৈ, কুণ্ডাখিনি জব্দ কৰি শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷ অভিযোগ অনুসৰি, বন বিভাগৰ একাংশ কৰ্মচাৰীক হাতৰ মুঠিত ৰাখি বন ধ্বংস কৰি অনা দহ লক্ষ্যাধিক মূল্যৰ এই কুণ্ডাসমূহ, ঠিকাদাৰক যোগান ধৰে চোৰাং ব্যৱসায়ীয়ে ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বন বিভাগৰ কাৰ্যালয় সমূহৰ সন্মুখেৰে এই কুণ্ডা কেনেকৈ পাৰ হৈ আহিল তাক লৈ এতিয়া ৰাইজৰ মাজত ব্য়াপক চৰ্চা চলিছে ৷

লগতে পঢ়ক:লখিমপুৰত ধৃত জালনোট চক্ৰৰ সদস্য

ABOUT THE AUTHOR

...view details