অসম

assam

By

Published : Nov 20, 2020, 7:08 PM IST

ETV Bharat / state

বকোৰ বদলাত অবৈধ কাঠ ফলা মিল জব্দ

বকোৰ বদলাত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। শুক্ৰবাৰে চলোৱা এই অভিযানত অবৈধ কাঠ ফলা মিল জব্দ। মিলটোৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে।

বকোৰ বদলাত অবৈধ কাঠ ফলা মিল জব্দ
বকোৰ বদলাত অবৈধ কাঠ ফলা মিল জব্দ

বকো, ২০ নৱেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বকোৰ বদলাত শুক্ৰবাৰে বন বিভাগৰ অভিযান। বামুণীগাঁও বন বিষয়াৰ নেতৃত্বত বনকৰ্মীয়ে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে। অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠো জব্দ হয়। বন সুৰক্ষা বাহিনীৰ ৰেঞ্জ বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত এই অভিযান চলোৱা হয়।

বকোৰ বদলাত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

বিগত কিছু দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ কাঠ ব্যৱসায়ীক নাকী লগাবলৈ অভিযান অব্যাহত ৰাখিছে বন বিভাগে। চলিত সপ্তাহতে হোজাইতো বন বিভাগে অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে চেগুন, গমাৰি আদি বিভিন্ন মূল্যবান কাঠ জব্দ কৰে।

অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

লগতে পঢ়ক:মৰিগাঁৱত নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ পাঁচ

ABOUT THE AUTHOR

...view details