অসম

assam

By

Published : May 7, 2021, 1:22 PM IST

ETV Bharat / state

বকোত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক

ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ সন্ধানহীন ছাইজুদ্দিন আলী নামৰ এজন লোক ৷ বৃহস্পতিবাৰে নিশা আন তিনিজনৰ সৈতে মাছ মাৰিবলৈ গৈ হঠাৎ পানীত পৰি সন্ধানহীন হয় লোকজন । বৰ্তমানেও কোনো সন্ধান পোৱা নাই ছাইজুদ্দিনৰ ৷

বকোত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক
বকোত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক

বকো, 7 মে’ : বকোৰ সোণতলী পানীখাইটিত অঘটন । ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক । সন্ধানহীন লোকজনৰ নাম ছাইজুদ্দিন আলী(৩৫) বুলি জানিব পৰা গৈছে ৷ ছাইজুদ্দিনৰ ঘৰ সোণতলীৰ গৰৈমাৰীৰ বিলৰজান গাঁৱত । স্থানীয় ৰাইজে জনোৱা মতে, বৃহস্পতিবাৰে নিশা আন তিনিজনৰ সৈতে মাছ মাৰিবলৈ গৈ হঠাৎ পানীত পৰি সন্ধানহীন হয় লোকজন ।

বকোত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক

আনহাতে, ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে সোণতলী আৰক্ষী চকীত খবৰ দিয়াৰ পাছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি ক্ষোভ উজাৰিছে ৰাইজে । সম্প্ৰতি স্থানীয় ৰাইজে ছাইজুদ্দিন আলী নদীত বিচাৰ-খোচাৰ অব্যাহত ৰাখে যদিও কোনো সন্ধান নাই পোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : যমুনা নৈৰ বুকুলৈ মাতৃয়ে দলিয়ালে সদ্যোজাত সন্তান

ABOUT THE AUTHOR

...view details