অসম

assam

দক্ষিণ কামৰূপৰ বকোত পৰম্পৰাগতভাৱে অনুষ্ঠিত ১০৭সংখ্যক সুঁৱৰী উৎসৱ

By

Published : Apr 22, 2019, 1:47 PM IST

পৰম্পৰাগতভাৱে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ প্ৰদৰ্শনী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিল সুঁৱৰীস্থলী

১০৭সংখ্যক সুঁৱৰী উৎসৱ

কামৰূপ,২২ এপ্ৰিলঃ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ আনন্দ উচাহৰ মাজতে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈছে বিভিন্ন খেল ধেমালী প্ৰতিযোগিতাৰ লগতে প্ৰদৰ্শনী অনুষ্ঠান। ইয়াৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিল বকোৰ সুঁৱৰীস্থলী। সুঁৱৰী উৎসৱ উপলক্ষে লোকাৰণ্য হৈ পৰে বকোৰ সুঁৱৰি বাকৰি ।

১০৭সংখ্যক সুঁৱৰী উৎসৱ

বিশেষকৈ ৰাভা,বড়ো,গাৰো আদি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিত ৰজনজনাই উঠিল বকোৰ আকাশ বতাহ। নামনি অসমৰ কৃষ্টি সংস্কৃতিৰ হানা ঘোৰা, পাৰবাহ, বানগাল নৃত্যৰ উপৰিও মুকলি আকাশৰ তলত প্ৰদৰ্শিত হ'ল বিহু হুঁচৰি, বাগুৰুম্বা, বাঘজৰী আদি জনগোষ্ঠীয় সাংস্কৃতি । বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ল ঘোঁৰা দৌৰ, হাতী দৌৰ, হাতী যুজঁ, ল'ৰাৰ দৌৰ, মহিলাৰ ৰছী টনা, তেল গছ বগোৱা আদি বিভিন্নধৰণৰ প্ৰতিযোগিতা ।

ABOUT THE AUTHOR

...view details