অসম

assam

ETV Bharat / state

বকো জে এন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন - ১৯ ফেব্ৰুৱাৰীত ভোটদান প্ৰক্ৰিয়া সমাপ্ত

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত যোৱা ১৯ ফেব্ৰুৱাৰীত ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাচত শনিবাৰে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হয় । সাধাৰণ সম্পাদক পদত জয় লাভ কৰে ৰিংকু ৰাভা আৰু সভাপতি পদত জয় লাভ কৰিছে ৰণজিৎ দাসে ।

বকো জে এন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন
বকো জে এন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

By

Published : Feb 20, 2021, 2:19 PM IST

বকো, ২০ ফেব্ৰুৱাৰী: কৰ'ণা মহামাৰীৰ সংকটকালৰ পাচত ক্ৰমান্বয়ে বিদ্যালয়, মহাবিদ্যালয় সমূহতো ঘূৰি আহিছে স্বাভাৱিক অৱস্থা । ইয়াৰ পাচতে শুকুৰবাৰৰ পৰা বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন । যোৱা ১৯ ফেব্ৰুৱাৰীত ভোটদান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাচত শনিবাৰে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হয় । সম্পূৰ্ণ সুচাৰুৰূপে সম্পন্ন হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন ।

বকো জে এন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা গঠন

সাধাৰণ সম্পাদক পদত জয় লাভ কৰে ৰিংকু ৰাভাই । জয় লাভ কৰিয়েই নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰিংকু ৰাভাই বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা সমূহ দূৰ কৰাৰ পূৰ্ণ চেষ্টা কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । লগতে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এটা 'প্ৰাথমিক চিকিৎসা কোঠা'ৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে ।

ইফালে সভাপতি পদত জয় লাভ কৰিছে ৰণজিৎ দাস । নিৰ্বাচনত জয় লাভ কৰাসকলে ৭ মাহৰ কাৰ্যকালেৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিব পাৰিব । পৰৱৰ্তী নিৰ্বাচন অহা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক:কাছাৰত কংগ্ৰেছৰ 'অসম বচাও অভিযান'ত অঘটন

ABOUT THE AUTHOR

...view details