অসম

assam

By

Published : Jan 23, 2020, 7:53 PM IST

ETV Bharat / state

বকোত শোকাবহ দুৰ্ঘটনা : থিতাতে মৃত্যু এজনৰ

বকোৰ শিংৰাৰ সমীপৰ শালনিত শোকাবহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ বিপৰীতে 5 জন লোক আহত হয় ৷

BOKO road accident : One died
বকোত শোকাবহ দুৰ্ঘটনা : থিতাতে মৃত্যু এজনৰ

বকো,23 জানুৱাৰী: বকোৰ শিংৰাৰ সমীপৰ শালনিত বৃহস্পতিবাৰে শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শাল গছত খুন্দা অল্ট' বাহনৰ । থিতাতে নিহত এজন যুৱক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৫ জন যুৱক। নিহত যুৱকজনৰ নাম হৈছে নজিৰ হুছেইন । নজিৰৰ ঘৰ পলাশবাৰী পানীখাইটীৰ হেংৰাৰটাৰীত । আঘাতপ্ৰাপ্ত কেইজন হৈছে দিলবৰ আলী, আলী হুছেইন, বাহাৰুল ইছলাম, ৰবিউল হুছেইন আৰু আজগৰ আলী । আহত কেইজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে জলেশ্বৰৰ উৰুছ মেলাৰ পৰা উভটাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত পতিত মাৰুতি অল্ট'খনৰ নম্বৰ AS01-DY-1671 ৷

বকোত শোকাবহ দুৰ্ঘটনা : থিতাতে মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details