বকো, 17 ফেব্ৰুৱাৰী : বকোৰ ৰাজাপাৰাৰ সমীপৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । স্থানীয় লোক সদৰি কৰা মতে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই এজন বাইক আৰোহীক খন্দিওৱা লগতে ঘাইপথ সমীপৰৰ এটা ঘৰত সোমাই পৰে ৷
দূুৰ্ঘটনাত নিলপৱন মালী নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বৰ্তমান নিলপৱন মালীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ।