অসম

assam

ETV Bharat / state

বকোত নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল হুণ্ডাই আই ২০ বাহন

বকোৰ বন্দাপাৰা তিনিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি কাহি নৈত বাগৰি পৰে হুণ্ডাই আই টুৱেন্টি বাহন ৷ গুৰুতৰভাৱে আহত হয় তিনিগৰাকী যাত্ৰী ৷

By

Published : Oct 23, 2020, 12:44 PM IST

BOKO ROAD ACCIDENT ON NH 17
বকোত নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল হুণ্ডাই আই ২০ বাহন

বকো,22 অক্টোবৰ: বকোৰ বন্দাপাৰা তিনিআলিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এ এছ ০১ ঈ কে ৮৩৩৫ নম্বৰৰ এখন হুণ্ডাই আই টুৱেন্টি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বন্দাপাৰা তিনিআলিত বাজৈ হোটেলৰ সমীপত থকা দলঙৰ ৰেলিং ভাঙি কাহি নৈত বাগৰি পৰে । লগে লগে স্থানীয় ৰাইজে বাহনখনৰ ভিতৰত থকা তিনিজন লোকক উদ্ধাৰ কৰি বকো আৰক্ষীৰ সহযোগত চিকিৎসাৰ বাবে বকোস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । বাহনখনত থকা তিনিগৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় । পাছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰা হয় ।

বকোত নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল হুণ্ডাই আই ২০ বাহন

বকো আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত গম পাই যে গাড়ীখনৰ চালক মইদুল ইছলামে দূৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আহত তিনিগৰাকী যাত্ৰী ক্ৰমে গুৱাহাটী কাহিলীপাৰাৰ জন এম বি শইকীয়া,গুৱাহাটী হকী ষ্টেডিয়ামৰ আশীৰ্বাদ কাশ্যপ আৰু অভয়াপুৰীৰ তুষাৰ তীৰ্থ বৰ্মন ।

বকোত নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল হুণ্ডাই আই ২০ বাহন

ইফালে, এই দুৰ্ঘটনাৰ কিছু সময় পিছতে দূৰ্ঘটনাস্থলীৰ সমীপতে এজন লোকে খোজকাঢ়ি গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে । এই দূৰ্ঘটনাত বন্দাপাৰা নিবাসী পানীৰাম দাস গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয় । লগে লগে স্থানীয় ৰাইজে বকো আৰক্ষীৰ সহযোগত পানীৰাম দাসক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

লগতে পঢ়ক:নাগৰিকক খাদ্য যোগান ধৰিবলৈ ওড়িশা চৰকাৰৰ অনলাইন সেৱা মুকলি

ABOUT THE AUTHOR

...view details