অসম

assam

ETV Bharat / state

বকোত ৰাভা হাছং স্মৃতিশৌধৰ শুভ উদ্বোধন - ৰাভা হাছং জাতীয় শ্বহীদ দিৱস

বকোৰ জাৰাপাৰাত বুধবাৰে মুকলি কৰা হ’ল ৰাভা জাতীয় শ্বহীদ সকলৰ স্মৃতিত স্মৃতিশৌধ । ২০১৪ চনতে এই স্মৃতি সৌধৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু বুধবাৰে এই স্মৃতিশৌধৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে ।

বকোত ৰাভা হাছং স্মৃতি সৌধৰ শুভ উদ্বোধন
বকোত ৰাভা হাছং স্মৃতি সৌধৰ শুভ উদ্বোধন

By

Published : Apr 22, 2021, 1:32 PM IST

বকো, 22 এপ্ৰিল : কৰ’ণা মহামাৰীৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে বকোৰ জাৰাপাৰাত ৰাভা হাছং স্মৃতিশৌধৰ উদ্বোধন কৰা হয় ৷ বকোৰ জাৰাপাৰাত বুধবাৰে ৰাভা জাতীয় শ্বহীদ সকলৰ স্মৃতিত স্মৃতিশৌধ মুকলি কৰা হয় । 2014 চনতে এই স্মৃতিশৌধৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু বুধবাৰে এই স্মৃতিশৌধৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় । কামৰূপ জিলাৰ ৰাভা হাছং এলেকাৰ একমাত্ৰ শ্বহীদ বকোৰ গলেবকা গাৱঁৰ সুবান ৰাভাৰ মাতৃ আইকণ ৰাভাই এই স্মৃতিশৌধৰ বুধবাৰে শুভ উদ্বোধন কৰে ।

বকোত ৰাভা হাছং স্মৃতি সৌধৰ শুভ উদ্বোধন

উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভা, ৰাভা হাছং মহিলা পৰিষদ আৰু ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল । আনহাতে, এই স্থানতে অহা 23 এপ্ৰিলত 17 সংখ্যক কেন্দ্ৰীয়ভাৱে ৰাভা হাছং জাতীয় শ্বহীদ দিৱস উদযাপন কৰা হ’ব । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নমল ৰাভাই জানিবলৈ দিয়া মতে, ৰাভা হাছং জাতীয় শ্বহীদ দিৱস উদযাপন অনুষ্ঠানত প্ৰথমে পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰি দিনৰ ভাগত ৰাভা হাছং শ্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সম্পাদক টংকেশ্বৰ ৰাভাৰ দ্বাৰা শ্বহীদ বেদীত পুষ্পাঞ্জলী অৰ্পণ আৰু স্মৃতি সোৱৰণ কাৰ্যসূচীৰে সামৰণি মাৰিব বুলি কয় ৷ এই অনুষ্ঠানত তেওঁলোকে ক’ভিড প্ৰ’টকল মানি চলি সকলোবোৰ কাম সূচাৰুৰূপে চলাই নিব বুলিও উল্লেখ কৰে ৷
লগতে পঢ়ক : লাহৰিঘাটত আৰক্ষী বিষয়াৰ ইফটাৰ বিতৰণ

ABOUT THE AUTHOR

...view details