অসম

assam

ETV Bharat / state

বকোত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ফোনত কোনো সঁহাৰি নাপাই গাঁৱৰ একাংশ ব্যক্তিৰ তৎপৰতাত সাপডাল ধৰি বস্তাত ভৰাই বকোস্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

By

Published : Oct 13, 2020, 3:40 PM IST

boko-public-rescued-python
বকোত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

বকো, 13 অক্টোবৰ : বকোৰ আগছিয়াত সোমবাৰে নিশা ৰাইজে উদ্ধাৰ কৰে এডাল প্ৰকাণ্ড অজগৰ সাপ। প্ৰায় ১০ ফুট দীঘল আৰু প্ৰায় ৩০ কেজি ওজনৰ সাপডাল খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

বকোত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নিশা সাপডাল প্ৰত্যক্ষ কৰাৰ পাছত স্থানীয় ৰাইজে বকোস্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত ফোন যোগে এই সন্দৰ্ভত অৱগত কৰাৰ চেষ্টা কৰে যদিও ৰাইজে কোনো সঁহাৰি নাপাই অৱশেষত গাঁৱৰ একাংশ ব্যক্তিৰ তৎপৰতাত সাপডাল ধৰি বস্তাত ভৰাই বকোস্থিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: প্ৰসংগ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰি

ABOUT THE AUTHOR

...view details