অসম

assam

By

Published : Apr 19, 2021, 3:17 PM IST

ETV Bharat / state

বকোত অনুষ্ঠিত হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস

২৩ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰৰ পৰা বকোৰ জাৰাপাৰাত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস । এই দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই ৷

২৩ এপ্ৰিলৰ পৰা বকোত অনুষ্ঠিত হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস
২৩ এপ্ৰিলৰ পৰা বকোত অনুষ্ঠিত হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস

বকো,19 এপ্ৰিল: বকোত সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি তুংগত হৈ পৰিছে । ২৩ এপ্ৰিল শুকুৰবাৰৰ পৰা বকোৰ জাৰাপাৰাত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস । কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ তৎপৰতাত ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা এখন আটকধুনীয়া উদ্যান । এই উদ্যানৰ প্ৰাংগণত ২৩ এপ্ৰিলত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত কৰা হ'ব শ্বহীদ দিৱস ।

বকোত অনুষ্ঠিত হ'ব ৰাভা জাতীয় শ্বহীদ দিৱস

ইতিমধ্যে, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ তত্বাৱধানত ৰাভা জাতীয় শ্বহীদসকলৰ স্মৃতিত স্মৃতিসৌধ নিৰ্মাণ কৰি থকা হৈছে ৷ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নমল ৰাভাই জনোৱা মতে, এই স্মৃতিসৌধ ২১ এপ্ৰিলত ৰাইজৰ সহযোগিতাত মুকলি কৰা হ'ব ।

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জত হাত-মুখ বন্ধা অৱস্থাত উদ্ধাৰ দুই যুৱক

ABOUT THE AUTHOR

...view details