বকো, 23 এপ্ৰিল :সমগ্ৰৰ ৰাজ্যৰ লগতে বকোতো পুনৰ ক'ভিড আতংকই বিৰাজ কৰিছে ৷ অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ক'ভিতত আক্ৰান্ত ৰোগী সংখ্যা ৷ ক'ভিডৰ নতুনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যদিও এতিয়া বকো অঞ্চলৰ একাংশ লোকৰ মাজত সজাগতা অভাৱ দেখা গৈছে ৷
বকো অঞ্চলৰ সৰহ সংখ্যক লোকে ক'ভিড প্ৰ'টকল মানি চলিছে যদিও একাংশই কিন্তু চৰকাৰৰ ক'ভিড সংক্ৰান্তীয় নীতি-নিৰ্দেশনা মানি চলা দেখা নাই । শুক্ৰবাৰে বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বকোৰ একাংশ লোক মাজত মাস্ক বিতৰণ কৰে ৷ লগতে আন একাংশ লোকক ক'ভিড প্ৰ'টকল পালন নকৰা বাবে জৰিমনা বিহে ।