অসম

assam

ETV Bharat / state

বকোত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ; আটক 2

বকোত কৰ্তব্যৰত গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ কৰি গণ ৰোষত মেঘালয়ৰ দল৷ ঘটনা সন্দৰ্ভত দুজনক আটক।আটক জুনে ভায়লেট জে চাংমা আৰু ভাৰ্ণিফ'ৰ্ড কে মাৰাকক। দুয়োৰে ঘৰ পশ্চিম খাচী পাহাৰ জিলাৰ ৰাংচাপাৰাত।

By

Published : Oct 5, 2019, 8:02 PM IST

গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ

বকো,5অক্টোবৰঃ বকোত অপ্ৰীতিকৰ ঘটনা। কৰ্তব্যৰত গৃহৰক্ষীৰ জোৱান এজনক প্ৰহাৰ মেঘালয়ৰ এটা দলৰ । বকো আৰক্ষী থানাৰ খাইমুদ্দিন আলীক প্ৰহাৰ কৰে উদণ্ড দলটোৱে ৷ প্ৰথমে ন' পাৰ্কিঙত গাড়ী পাৰ্কিং কৰাক লৈ গৃহৰক্ষীৰ জোৱানজনৰ সৈতে বিতৰ্কৰ সূত্ৰপাত হয় আৰু পাচত গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰে দলটোৱে ৷ ইপিনে এই ঘটনাৰ পাচতে ৰাইজে আৱদ্ধ কৰে মেঘালয়ৰ দলটোক। দলটোত আছিল দুজন যুৱকসহ দুগৰাকী মহিলা। ঘটনা সন্দৰ্ভত যুৱক দুজনক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা যুৱকদ্বয় ক্ৰমে জুনে ভায়লেট জে চাংমা আৰু ভাৰ্ণিফ'ৰ্ড কে মাৰাকক। দুয়োৰে ঘৰ পশ্চিম খাচী পাহাৰ জিলাৰ ৰাংচাপাৰাত।

গৃহৰক্ষীৰ জোৱানক প্ৰহাৰ

ABOUT THE AUTHOR

...view details