অসম

assam

ETV Bharat / state

বকোত কৌশলগতভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 টা চোৰক - আৰক্ষীয়ে জব্দ কৰে 2 খন বাহন

ধৃতলোক কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2 খন বাহনৰ লগতে 9 টা ম'বাইল ৷

boko
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 টা চোৰক

By

Published : Dec 5, 2019, 5:26 PM IST

বকো, 5 ডিচেম্বৰঃ বকোত চুৰি,ডকাইত চক্ৰৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান ৷ বুধবাৰে বকোৰ ৰাজাপাৰাৰ পৰা 8টা চোৰক বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ চোৰৰ দলটোৰ পৰা এজন চোৰে পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 টা চোৰক

ধৃত লোক কেইজন ক্ৰমে চাদ্দাম আলী, ইমৰান হুছেইন, জেহেৰুল ইছলাম, মইদুল আলী , হানিফ আলী, তামচেৰ আলী, ৰফিকুল ইছলাম আৰু ৰহিম আলী ৷ আটকাধীন লোককেইজনৰ পৰা আৰক্ষীয়ে কিছু তলা, গ্ৰীল ভঙা সামগ্ৰী, এখন মাৰুতি ৱেগানাৰ আৰু এখন মাৰুতি অল্টো K10 বাহনৰ লগতে 9 টা ম'বাইল জব্দ কৰে ৷ ৱেগানাৰখন নম্বৰ ফলক বিহীন আৰু মাৰুতি অল্টো K10 বাহনখনৰ নম্বৰ AS-01-HC-0310 ৷

লগতে পঢ়ক - প্ৰাণৰ সংশয়ত ভুগিছে মাজুলীৰ এজন সত্ৰাধিকাৰ

ABOUT THE AUTHOR

...view details