বকো,19মেঃ বকোত প্ৰধান মন্ত্ৰী সন্মান নিধিৰ আঁচনিত আৰ্জব কাণ্ড ৷যি খন গাঁৱত এশ শতাংশ ৰাভা জনজাতি লোকে বসবাস কৰে হঠাৎ, গাঁৱখনত ইছলাম সম্প্ৰদায়ৰ লোকৰ নাম অন্তভুক্ত হোবাত আচৰিত হৈ পৰিছে গাঁওবাসী ৷ কৃষি বিভাগে কৃষকক প্ৰদান কৰা আথিক সাৰ্হায্যৰ হিতাধিকাৰীৰ তালিকাত ওলাল এক বিস্ফোৰক তথ্য ৷ কৃষি বিভাগৰ নথিয়ে সলাই পেলালে খাটাজুলি গাঁৱৰ জন গাঁঠনি ৷
পৰিতাপৰ কথা যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী তালিকাত গাঁও খনৰ প্ৰকৃত লোকৰ নাম অন্তভুক্ত নহৈ প্ৰথমৰ পৰা স্থান পাইছে গাঁও খনৰ বাসিন্দা নোহোবা ইছলাম সম্প্ৰদায়ৰ লোকৰ নাম ৷ তালিকা খনত 47 জনৰ নাম অন্তভুক্ত হোবাৰ বিপৰিতে ইয়াৰে 38 গৰাকীয়ে ইছলাম সম্প্ৰদায়ৰ তাকে লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজে উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷