বকো, ১০ জানুৱাৰী: কামৰূপ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক হিতেশ ৰয় উপস্থিত হয় অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত । আৰক্ষী অধীক্ষক গৰাকীয়ে লাম্পীত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে । লগতে লাম্পীত থকা আৰক্ষী পহৰা চকীও পৰিদৰ্শন কৰে । হিতেশ ৰয়ৰ উপস্থিতিত স্থানীয় ৰাইজে আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে উপস্থিত থকা সকলো বিষয়াকে গামোচা আৰু জাপিৰে সন্মান জনায় ।
বকোত উপস্থিত নৱনিযুক্ত আৰক্ষী অধীক্ষক হিতেশ ৰয় - আৰক্ষী অধীক্ষক গৰাকীয়ে লাম্পীত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে
অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত উপস্থিত হয় কামৰূপ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক হিতেশ ৰয় । আৰক্ষী অধীক্ষক গৰাকীয়ে লাম্পীত উপস্থিত হৈ সীমান্তৱৰ্তী এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।
বকোত উপস্থিত নৱনিযুক্ত আৰক্ষী অধীক্ষক হিতেশ ৰয়
আৰক্ষী অধীক্ষক গৰাকীৰ লগত অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সনজিৎ কুমাৰ ৰায় আদিকে ধৰি বহু কেইজন বিষয়া ।