অসম

assam

ETV Bharat / state

বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ - ছাত্ৰ বৃত্তিৰ কেলেংকাৰী

মঙলবাৰে বকোত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ অভিযোগত এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছালামক আটক কৰে আৰক্ষীয়ে ৷ ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত প্ৰধান শিক্ষকজনক নিলম্বিত কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত অন্য চাৰিজন দালালকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷

Boko Minority students scholarship corruption
বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ

By

Published : Aug 12, 2020, 9:27 AM IST

বকো,12 আগষ্ট: বকোৰ ছমৰীয়া আৰু আৰু ছয়গাঁও শিক্ষা খণ্ডৰ অধীনস্থ একাংশ বিদ্যালয়ত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে মঙলবাৰে সোণতলী বজাৰৰ পৰা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছালামক আটক কৰে আৰক্ষীয়ে ৷

বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ

দালাল চক্ৰই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সহযোগত চৰম জালিয়াতি আৰু ভুৱা একাউণ্টেৰে যোৱা বিত্তীয় বৰ্ষৰ লেখীয়াকৈ ২০১৯-২০ বৰ্ষতো ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হয় ৷

উল্লেখ্য যে, জাওঁকাটা আৰু কিচমত কাঠমী গাঁৱৰ মনছেৰ আলী,আব্দুল হালিম আৰু জাওঁকাটা গাঁৱৰ ৰমজান আলী নামৰ 3 জন লোকে বিদ্যালয়খনত সংঘটিত হোৱা ছাত্ৰ বৃত্তিৰ কেলেংকাৰী সম্পৰ্কত বকো থানাত দাখিল কৰা এজেহাৰৰ ভিত্তিত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত আটক কৰা হয় প্ৰধান শিক্ষকজনক ৷ সম্প্ৰতি প্ৰধান শিক্ষক আব্দুছ ছালামক লৈ বকো থানাত জেৰা আছে বুলি জানিব পৰা গৈছে ৷

লক্ষণীয় বিষয় যে,সংখ্যলঘু ব’ৰ্ড আৰু দালাল চক্ৰৰ সহযোগত কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ বিদ্যালয়সমূহত এটা প্ৰভাৱশালী দালাল চক্ৰৰ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ ফলত বিদ্যালয়ৰ বৰ্হিভুত বোৱাৰী-মহিলা আৰু বৃদ্ধ লোকেও লাভ কৰিছে ছাত্ৰ বৃত্তিৰ ধন৷ একাংশ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অজ্ঞাতে বেংক কৰ্তৃপক্ষৰে মিলি দালাল চক্ৰই লুটি আহিছে ছাত্ৰ বৃত্তিৰ সমুদায় ধন ৷

ইতিমধ্যে ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িত প্ৰধান শিক্ষক আব্দুছ ছালাম নিলম্বিত হোৱাৰ লগতে অন্য চাৰিজন দালালকো আটক কৰিছে আৰক্ষীয়ে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিব নে নাই তাক লৈ এতিয়া দৰিদ্ৰ অভিভাৱক আৰু সচেতন মহলৰ মাজত উত্থাপিত হৈছে কোটি টকীয়া প্ৰশ্নৰ ৷

লগতে পঢ়ক:শিলচৰত যুৱতীক শ্লীলতা হানিৰ ব্যৰ্থ চেষ্টা

ABOUT THE AUTHOR

...view details