অসম

assam

ETV Bharat / state

সংখ্যলঘু ছাত্ৰ বৃত্তিঃ প্ৰধান শিক্ষকসহ তিনিজনক আটক - Dekasang Highschool

কামৰূপ জিলাৰ বকোৰ সোণতলীৰ ডেকাচাং হাইস্কুলত সংখ্যলঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ অভিভাৱকৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সহকাৰী শিক্ষকক ৷

Boko Minority Scholarship scam
বকোত সংখ্যলঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী

By

Published : Jun 24, 2020, 12:06 PM IST

বকো,24 জুনঃ ৰাজ্যৰ বিভিন্ন জিলাত পোহৰলৈ আহিছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ ঘটনা ৷ ইতিমধ্যে এই সন্দৰ্ভত আমছুৱে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক ইয়াৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা জিলা প্ৰশাসন সমূহে ৷ ইয়াৰ মাজতে কামৰূপ জিলাৰ বকোৰ সোণতলীৰ ডেকাচাং হাইস্কুলত এই বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷

সংখ্যলঘু ছাত্ৰ বৃত্তিঃ প্ৰধান শিক্ষকসহ তিনিজনক আটক

অভিভাৱকৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সহকাৰী শিক্ষকক ৷ বকো থানাৰ আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মণৰ নেতৃত্বত সোণতলীৰ ডেকাচাঙৰ পৰা আটক কৰে তিনিওজনকে ৷ আটকাধীন লোক তিনিজন ক্ৰমে ডেকাচাং হাই স্কুলৰ প্ৰধান শিক্ষক আনিনুল ইছলাম,সহকাৰী শিক্ষক আব্দুল আজিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিন ৷ সম্প্ৰতি আটাইজনকে বকো আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- ডিএইচডি সংগঠন কেতিয়াও মানুহক হত্যা কৰাৰ বাবে গঠন কৰা হোৱা নাছিলঃ প্ৰবীণ হাগজে

ABOUT THE AUTHOR

...view details