অসম

assam

ETV Bharat / state

বকোত অবৈধ কাঠ ফলা মিল উৎখাত - বকো,বামুণীগাঁও,বন্দাপাৰা,নগৰবেৰা

বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বকো,বামুণীগাঁও,বন্দাপাৰা,নগৰবেৰা আৰু কুকুৰমাৰা ৰেঞ্জৰ বন কৰ্মীৰ বৃহৎ দলটোৱে বকো আৰক্ষীৰ সহযোগত শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠ ৷

বকোত অবৈধ কাঠ ফলা মিল উৎখাত

By

Published : Oct 25, 2019, 10:56 PM IST

বকো,25 অক্টোবৰঃ বকোৰ নগৰবেৰা নদী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বালিঝাৰত শুকুৰবাৰে বন বিভাগৰ অভিযান। বন বিভাগে চলোৱা এই অভিযানত জব্দু কৰে দুটা অবৈধ কাঠ ফলা মিল। বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বকো,বামুণীগাঁও,বন্দাপাৰা,নগৰবেৰা আৰু কুকুৰমাৰা ৰেঞ্জৰ বন কৰ্মীৰ বৃহৎ দলটোৱে বকো আৰক্ষীৰ সহযোগত শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত অভিযান চলাই। অভিযান কালত প্ৰায় ৫ লাখ টকা মূল্যৰ চেগুন,শাল কাঠৰ কুণ্ডা আৰু দুটাকৈ কাঠ ফলা মেচিন জব্দ কৰে। উল্লেখ্য যে, বহু দিনৰ পৰাই চলি আছিল এই অবৈধ কাঠফলা মিলকেইটা।

বকোত অবৈধ কাঠ ফলা মিল উৎখাত

ABOUT THE AUTHOR

...view details