বকোত জব্দ অবৈধ শিল সৰবৰাহকাৰী ট্ৰাক - বামুনীগাঁও
বামুনীগাঁও বন সুৰক্ষা বাহিনীয়ে বকোৰ আগছিয়াত জব্দ কৰে অবৈধ শিল সৰবৰাহকাৰী ট্ৰাকখন
বকোত জব্দ অবৈধ শিল সৰবৰাহকাৰী ট্ৰাক
বকো,2 আগষ্টঃ শুকুৰবাৰে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বামুনীগাঁও বন সুৰক্ষা বাহিনীয়ে বকোৰ আগছিয়াত জব্দ কৰে এখন অবৈধ শিল সৰবৰাহকাৰী ট্ৰাক ৷ ৰাণীৰ পৰা আগছিয়ালৈ এ এচ ০১ চি চি ৮১৪৪ নম্বৰৰ ট্ৰাকখনত অবৈধভাৱে ১৩ ছি এম শিল কঢ়িয়াই নিয়া অৱস্থাত ট্ৰাকখন জব্দ কৰে বামুনীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত এটা বন সুৰক্ষা বাহিনীৰ দলে ৷ উল্লেখ্য যে,অবৈধ ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত জামিনত মুক্তি লাভ কৰে ট্ৰাক চালক জনে ৷