বকো, 13 নৱেম্বৰঃবকোৰ ডাকুৱাপাৰাত মঙলবাৰে নিশা শালৰ কুণ্ডা ভৰ্তি এখনটাটা ডি আই বাহনগাড়ী দুৰ্ঘটনাত পতিত হয় ৷ তীব্ৰ বেগী টাটা ডি আই খনে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। AS-01DD-2574 নম্বৰৰ টাটা ডি আই খনত অবৈধ শালৰ কুণ্ডা নি আছিল কোনো গোপন স্থানলৈ। অৱশ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই কাঠৰ কুণ্ডা সমূহ নমাই গাড়ীসহ পলায়ন কৰে টাটা ডি আই খনৰ চালকে। প্ৰায় ২০ টা অপৈনত শাল গছৰ কুণ্ডা সৰবৰাহ কৰিছিল ডিআইখনত। বকোৰ শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।
বকোত শালৰ কুণ্ডা ভৰ্তি টাটা ডি আই বাহন দুৰ্ঘটনাগ্ৰস্ত - BOKO ILLEGAL SAL TREE LOADED TRUCK ACCIDENT, KAMRUP ASSAM.
দক্ষিণ কামৰূপত বন বিভাগৰ সন্মুখতে চোৰাং কাঠ বেপাৰীয়ে অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ৷ বন বিভাগে মাজে সময়ে অভিযান চলায় যদিও নিশাৰ আন্ধাৰত গোপনে অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ৷
বকোত শালৰ কুণ্ডা ভৰ্তি টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত