অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদৰ চি এ এ বিৰোধী সভা - চি এ এ বিৰোধী বিশাল প্ৰতিবাদী সভা

ছয়গাঁৱৰ শান্তিপুৰত গাৰো জাতীয় পৰিষদ,গাৰো যুৱ পৰিষদ আৰু গাৰো মহিলা পৰিষদৰ কামৰূপ জিলা কমিটিয়ে আহ্বান জনোৱা প্ৰতিবাদী সভাখনত সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে । লগতে শ্বহীদ পাঁচজনক স্মৰণ কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷

ছয়গাওঁ
চি এ এ বিৰোধী সভা শান্তিপুৰত

By

Published : Jan 4, 2020, 5:57 AM IST

ছয়গাঁও,3 জানুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত শান্তিপুৰত অনুষ্ঠিত হয় চি এ এ বিৰোধী বিশাল প্ৰতিবাদী সভা ৷ গাৰো জাতীয় পৰিষদ,গাৰো যুৱ পৰিষদ আৰু গাৰো মহিলা পৰিষদৰ কামৰূপ জিলা কমিটিয়ে আহ্বান জনোৱা প্ৰতিবাদী সভাখনত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । লগতে শ্বহীদ পাঁচজনক স্মৰণ কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷

চি এ এ বিৰোধী সভা শান্তিপুৰত

প্ৰতিবাদী সভাখনত উপস্থিত থাকে গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ ইউ মাৰাক,গাৰো জাতীয় পৰিষদৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ সভাপতি বেনেডিক্ট আৰেং,গাৰো যুৱ পৰিষদৰ মুখ্য উপদেষ্টা সুনিত পি মাৰাক আদি ৷ সভাত বিজেপিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে গাৰো নেতাসকলে ৷

শ্বহীদক স্মৰণ সভাত

সভাখনৰ শেষত ৰাইজে চি এ এ বিৰোধী শ্লোগান দি এক প্ৰতিবাদী সমদল উলিয়ায় । সুনিত পি মাৰাকে জানিবলৈ দিয়া মতে,এই প্ৰতিবাদ ক্ৰমান্বয়ে কামৰূপৰ পৰা গোৱালপাৰা জিলালৈ চলি থাকিব ৷ লগতে কৃষক নেতা অখিল গগৈ,জীতেন দত্ত আদিকে ধৰি আৰক্ষীয়ে যিসকল আন্দোলনত জৰিত নেতাক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক বিনা চৰ্তে মোকোলাই দিবলৈ আহ্বান জনাই চৰকাৰক ।

লগতে চাওকঃঘন কুঁৱলীৰ বাবে মধ্যপ্ৰদেশত সংঘটিত বিমান দুৰ্ঘটনাঃপাইলটৰ মৃত্যু

ABOUT THE AUTHOR

...view details