অসম

assam

ETV Bharat / state

উৎপাদিত শস্যৰ উচিত মূল্য পাবনে লাম্পিৰ কৃষকে ? - আদা আৰু ঝাড়ুৰ খেতি

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ চিৰসেউজ লাম্পিত এতিয়া সকলো ব্যস্ত হৈ পৰিছে আদা উৎপাদনত। উল্লেখযোগ্য যে, চিৰসেউজ লাম্পিৰ ৰাইজে অতিজৰে পৰা পাহাৰসমূহত আদা আৰু ঝাড়ুৰ খেতি কৰি বিক্ৰী কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে।

লাম্পীত আদাৰ বজাৰত ব্যস্ত স্থানীয় ৰাইজ
লাম্পীত আদাৰ বজাৰত ব্যস্ত স্থানীয় ৰাইজ

By

Published : Jun 13, 2021, 11:08 PM IST

বকো,13 জুন :সেউজীয়া পৰিবেশেৰে পৰিবেষ্টিত অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পি ৷ মনোমোহা পৰিবেশে সকলোকে ৰিঙিয়াই লাম্পিলৈ ৷ লাম্পিৰ প্ৰায় সংখ্যক লোকেই মূলঃ খেতিৰ ওপৰত নিৰ্ভশীল ৷ চিৰসেউজ লাম্পিৰ ৰাইজে অতীজৰে পৰা পাহাৰৰ বুকুত আদা আৰু ঝাড়ুৰ খেতি কৰি সেইসমূহ বেচি তেনেদৰেই পৰিয়াল পোহপাল দি আহিছে ৷

এতিয়া আদা উৎপাদনৰ সময় ৷ লাম্পিৰ মানুহবোৰ সেয়ে ব্যস্ত ৷ লাম্পিত প্ৰত্যেকটো পৰিয়ালেই বৰ্তমান আদা গছ খান্দি আদা উলিওৱাত ব্যস্ত হৈ পৰিছে । এই আদা উলিয়াই ঘৰত আনি ধুই চাফ কৰি ৰদত শুকুৱাই বিক্ৰী কৰা হয় ।

লাম্পিত আদাৰ বজাৰত ব্যস্ত স্থানীয় ৰাইজ

কিন্তু পৰিতাপৰ বিষয় এই যে, লাম্পি অঞ্চলতো দূৰ্গম আৰু যাতায়তৰ সুবিধা নথকাৰ বাবে কৃষকে উচিত মূল্য নাপায় । সদায়েই ঝাড়ু আৰু আদাৰ মূল্য বজাৰ মূল্যতকৈ আধা, নহ’লে আধাতকৈও কম মূল্য লাভ কৰে । এই ক্ষেত্ৰত অসম চৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:উপেক্ষিত হৈ ৰৈছে ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ !

ABOUT THE AUTHOR

...view details